আমাৰ চাৰিওফালে আমি বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী দেখিবলৈ পাওঁ । এই বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ উপৰিও খালী চকুৰে মনিব নোৱাৰা জীৱও থাকে, যাক অণুজীৱ বুলি কোৱা হয়। অণুজীৱৰ ইংৰাজী নাম Microorganisms । ইহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে চিনিব পাৰি। 

    অণুজীৱ বুলি ক'লে আমি বেক্টেৰিয়া, ভেঁকুৰ, আদ্যপ্ৰাণী, শেলাই ইত্যাদিৰ কথা বুজিব লাগিব। বেক্টেৰিয়াবিলাক অতি ক্ষুদ্র, এককোষী জীৱ। কিছুমান উপকাৰী, যেনে - লেক্ট'বেছিলাছ। কিছুমানে কলেৰা , যক্ষ্মা ইত্যাদি বেমাৰ জন্মায়। ভেঁকুৰবিলাক এককোষী ( যেনে :- ইষ্ট) আৰু বহুকোষী ( যেনে - পেনিচিলিয়াম) হ'ব পাৰে। আদ্যপ্ৰাণীবিলাক এককোষী জীৱ। এমিবা, পেৰামেচিয়াম আদ্যপ্ৰাণী বা প্ৰ'ট'য'ৱাৰ উদাহৰণ। ঠিক তেনেদৰে শেলাই বিলাক এককোষী ( যেনে :- ডায়েট'ম, ক্লেমাইড'ম'নাছ) আৰু বহুকোষী হ'ব পাৰে। সাগৰীয় শেলাই বিলাক বহুকোষী শেলাইৰ উদাহৰণ। 

   অণুজীৱতকৈ ভাইৰাছসমূহতকৈ পৃথক। উদ্ভিদ, প্ৰাণী, বেক্টেৰিয়া ইত্যাদিৰ দেহত ই কাৰ্যক্ষম হৈ থাকে। ভাইৰাছে বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। পানীলগা, কাহ, পলিঅ', মাজু আই, এইডচ, ক'ভিড- ১৯ ইত্যাদি ৰোগৰ কাৰক হৈছে ভাইৰাছ। 

  অতীজৰে পৰা মানুহে বিভিন্ন কাৰ্য্যত অণুজীৱক ব্যৱহাৰ কৰি আহিছে। লেক্ট'বেছিলাছ নামৰ বেক্টেৰিয়াই গাখীৰক দৈ লৈ ৰূপান্তৰ কৰে। পাউৰুটি প্ৰস্তুত কৰিবলৈ ইষ্ট নামৰ অণুজীৱ ব্যৱহাৰ কৰা হয়। অসুখ হ'লে চিকিৎসকে টেবলেট, কেপছুল, ইনজেকচন লোৱাৰ পৰামৰ্শ আগবঢ়ায়। এই ঔষধবোৰে ৰোগ সৃষ্টিকাৰী বীজাণুবিলাকক ধ্বংস কৰে, যিবোৰক এন্টিবায়টিক বা প্ৰতিজৈৱিক বোলে। পেনিচিলিন, এৰিথ্ৰ'মাইচিন আদি বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা প্ৰস্তুত কৰা প্ৰতিজৈৱিকৰ উদাহৰণ। এই প্ৰতিজৈৱিকবোৰ প্ৰয়োজন নথকাকৈ গ্ৰহণ কৰিব নালাগে। অনাৱশ্যকীয় প্ৰতিজৈৱিক সেৱনে শৰীৰৰ লাগতিয়াল বেক্টেৰিয়াবিলাকক ধ্বংস কৰে। 

  কিছুমান অণুজীৱই মানুহ, অন্যান্য প্ৰাণী, উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে। উশাহ - নিশাহ, খোৱা - লোৱা, পানীৰ জৰিয়তে বিভিন্ন বীজাণু মানুহৰ শৰীৰত সোমায়। ৰোগাক্ৰান্ত ব্যক্তিৰ পৰা স্বাস্থ্যবান ব্যক্তিৰ দেহলৈ পানীলগা, মাজুআই, ক'ৰোনা ইত্যাদি বিয়পিব পাৰে। কিছুমান পতংগ আৰু জন্তুৱে বীজাণুৰ বাহক হিচাপে কাম কৰে। মাখি হৈছে এনে এবিধ বাহক। মাখিবিলাক জাবৰ- জোঁথৰ ইত্যাদিত পৰে বাবে ইহঁতৰ দেহত বীজাণু লাগি ধৰে। সেই মাখি খাদ্যৰ ওপৰত পৰিলে বিভিন্ন বীজাণু খাদ্যলৈ স্থানান্তৰিত হয়। এনে খাদ্য গ্ৰহণ কৰা ব্যক্তি ৰোগাক্ৰান্ত হ'ব পাৰে। সেয়েহে আমি আহাৰ মুকলিকৈ নাৰাখি ঢাকি ৰাখিব লাগে। আমাৰ চাৰিওফালে গাড়ী - মটৰৰ টায়াৰ, ফুলৰ টাব আদিত পানী জমা হৈ থাকিবলৈ দিয়াটো উচিত নহয়। পৰিৱেশ পৰিস্কাৰকৈ ৰাখিলে মহে বংশবৃদ্ধি কৰিবলৈ সুবিধা নাপায়।

     অণুজীৱই কেৱল মানুহৰ দেহতে ৰোগৰ সৃষ্টি নকৰে। গৰু - ম'হৰ দেহত হোৱা এনথ্ৰাক্স ৰোগ বেছিলাছ এনথ্ৰাচিছ নামৰ বেক্টেৰিয়াৰ পৰা হয়। চবকা বেমাৰো ভাইৰাছৰ পৰা হয়। ঠিক তেনেদৰে উদ্ভিদৰ দেহতো অণুজীৱই বিভিন্ন ৰোগৰ সৃষ্টি কৰে। 

    অণুজীৱৰ প্ৰভাৱত খাদ্য নষ্ট বা বিষাক্ত হয়। সেইবাৰ খাদ্যত অণুজীৱই নিজৰ বংশবৃদ্ধি কৰি বিষাক্ত দ্ৰব্য নি:সৰণ কৰে, যি সেৱন বা গ্ৰহণ কৰিলে আমাৰ বেমাৰ হ'ব পাৰে। আমি খোৱা খাদ্যবিলাক সাৱধানে ৰাসায়নিক বা অন্যান্য ঘৰুৱা সাধাৰণ পদ্ধতিৰে সংৰক্ষণ কৰিব লাগে। ছ'ডিয়াম বেনজ'ৱেট, ছ'ডিয়াম মেটাবাইছালফেট ইত্যাদি সংৰক্ষক দ্ৰব্যৰে অথবা নিমখ, তেল, ভিনেগাৰৰ দ্বাৰা আমি খোৱা খাদ্যবিলাক সংৰক্ষণ কৰিব পাৰি।


( ছাত্ৰ- ছাত্রী উপযোগী লেখাটো পূর্বতে শিক্ষা- বাৰ্তালোচনী "জিজ্ঞাস " ত প্ৰকাশিত হৈছে) 


লেখকৰ ঠিকনা : নকটানি গাওঁ, গৌৰীসাগৰ ।