ভালপোৱা বেলি
---------------------
শ্ৰীমন্ত কলিতা
-৯৭০৬৫৬৬১০০
সূৰ্যাস্তৰ সুবাসত
নিজক হেৰুৱাই
জুমি চাওঁ এবাৰ
সেই ভালপোৱাৰ ঠিকনা
য'ত নুডুবে আন্তৰিকতা ।
বেলিটো গ'ল গৈ উটি
ঘুৰি অহাৰ কথা কৈ
বিশ্বাসৰ নাওত উঠি
নদীখনো নিঃপালি দিলে
তৰাৰ নিচুকণি শুনি
মই ৰৈ থাকিলোঁ
ৰাতিটোৰ স'তে
সেই ভালপোৱাৰ কথাবোৰকে
পাগুলি পাগুলি
বেলিটো আহিব ঘুৰি!!
Comments
No comments yet. Be the first to share your thoughts!
Join the Conversation
You must be logged in to post a comment.
Log In Sign Up